Drop Down MenusCSS Drop Down MenuPure CSS Dropdown Menu
Showing posts with label অসমীয়া কবিতা. Show all posts
Showing posts with label অসমীয়া কবিতা. Show all posts

Monday, 8 December 2014

শাৰদীয় প্ৰেম - অসমীয়া কবিতা


কবি - ৰূপম হাজৰিকা









ৰাতিপুৱালৈ
এতিয়া মাথোঁ
এটা প্ৰহৰ


কালিলৈ তুমি
নিয়ৰৰ ফুল বিচাৰি
মোৰ পদূলিত
ভৰি দিবাহি


বেলিটো দুগালত লৈ
খিল্‌খিলাই উঠিব
মোৰ কবিতাবোৰ

Thursday, 4 December 2014

কবিতা: শাওণৰ পথাৰখনি


কবি: ৰূপম হাজৰিকা






নিসংগতাৰ সতে
কথা হৈ নোপোৱা,
আকালৰ ছবি
কাহানিও নেদেখা,
মোৰ চিনাকি পথাৰখনি
আজি অচিনাকি!!
য'ত এৰি আহিছিলো
মোৰ ল'ৰালি,
শাওণৰ বোকাত

Tuesday, 2 December 2014

তুমি তুমি লগা এটি কবিতা - Assamese Poem


কবি: জিতু গগৈ











ফেচবুকত Like মৰা ঐ ছোৱালীজনী
তুমি মোৰ কবিতা ভাল পোৱানে?
নে এনেই মন গ'ল বুলিয়ে মাৰি দিয়া...!!

এবাৰ পঢ়ি চাবা মোৰ কবিতা
একেবাৰে জলন্ত কলিজাৰ পৰা
সৃষ্টি হোৱা সেই শব্দবোৰ......

বুজি পাবলৈ বেছি সময় নালাগে যে
সেই শব্দ এখন ভগা কলিজাৰ পৰা ওলোৱা...
হয়, উমি উমি জলি থকা

কবিতা: মৌনতাৰ হাহাকাৰ - সন্ত্ৰাসবাদীৰ আত্মকথা



কবি: চন্দ্ৰামিতা পৰাশৰ






মোৰ প্ৰসৱ যন্ত্ৰণা সহ্য কৰি
যিদিনা ৰাঙলী হৈছিল অসম মাতৃ !!
ত্ৰাসিত হৈছিল, এখন
নিৰপৰাধী সমাজ .....
অথচ
সামাজিকতাৰ আঁৰত
বা ব্যক্তিগত স্বার্থত:
লালিত হৈছিল মোৰ অবোধ
শৈশৱ...কৈশোৰ......
গুলী-বাৰুদৰ পঢ়াশালিত
বিভীষিকা সৃষ্টিৰ পাঠ দি
সাজি তোলা হৈছিল

নতুন অসমীয়া কাব্য-সংকলন: কুঁৱলীৰ আখৰ এথুপি

শীঘ্ৰে মুক্তি পাব লগীয়া নিবিড় অনুৰাগ মানসৰ নতুন অসমীয়া কাব্য-সংকলন




" এবুকু সপোন , এজাক নষ্টালজীয়াৰ বৰষুণ আৰু এমুঠি সময়ৰ অনুৰাগক শব্দৰ মাজেৰে সজাই তোলা মোৰ প্রথম কাব্য-সংকলন 'কুঁৱলীৰ আখৰ এথুপি' । "
                  ____   নিবিড় অনুৰাগ মানস, কবি

Monday, 1 December 2014

প্ৰেমৰ চাৰিটা স্তৱক - Assamese Love Poem

কবি - অন্বেষা চেতিয়া





১)
তুমি মোক সুধিছিলা
কিয় মই তোমাক ইমান ভাল পাওঁ;
নৈক সুধি চাবা
সাগৰলৈ কিয় বয়.......

২)
সঁচা কথা কওঁ?
মোৰ তোমালৈ কেতিয়াও
মনত নপৰে;
মাথোঁ উশাহ লোৱা সময়কণৰ বাহিৰে......

৩)
অভিমানী মই
তোমাৰ মৰমবোৰেই বাধ্য কৰে;
পুৱাক গধুলি কৰিলোঁ
তুমি নাহিলা.........

৪)
প্ৰেম কি জানা?
যেতিয়া বিষাদে আনে হাঁহি
যেতিয়া সুখত নিগৰে চকুপানী
যেতিয়া শূণ্যতা হয় পূৰ্ণতা
যেতিয়া মৌনতা হয় কবিতা
তেতিয়াই জন্ম হয় এই আপদীয়া প্ৰেমৰ........!!

গাঁৱলীয়া - An Assamese Poem

কবি - চনম চাংকি দাস
ফোন - ৯৬১৩০৩০৮০৩






ক'ত গৈছিলা
শংখৰ এন্ধাৰতো তোমাক বিচাৰি
বিচাৰি নাপালো

বতাহজাক আহোঁতে
তিতিম বুলি ভাবিছিলোঁ বৰষুণত
মোৰ আঁচল খহি থাকিল
গোটেই দিনটো..............

নষ্ট ল'ৰাৰ পদ্য - An Assamese Poem



 



                              ফুলবোৰ
                              ভুল হ'বলৈ
                              নিদিবা

                                                 সপোনবোৰ
                              নিচা

                                               তোমাৰ ভৱিষ্য সত্বাত
                              মই
                             নষ্ট ল'ৰা

Friday, 14 November 2014

সোণালী সূতাৰ বান্ধোন - An Assamese Poem

ৰূপম হৰি

 
হয়তো.............
আমাৰ মাজত আজি
নাই সাত সাগৰ, তেৰ নদী
আছে যদি সুবিশাল এখন মৰুভূমি
তথাপি নিসংগ নহয়,
একেখন আমাৰ সূৰ্যোদয়ৰ খিৰিকি.............

শব্দবোৰ তোমাৰ বুকুত,
সুৰবোৰ মোৰ হাতত
এজাক বৰষুণত শুনা পাওঁ
গুণগুণ, আমাৰ গান..............

ফাগুনৰ শেষত
সিঁচি থৈ যোৱা
এজোলা শিমলু তুলা,
এডাল সোণালী সূতা হৈ বাঢ়িছে
বুকুৰ দ-লৈকে শিপাই
দুটি আত্মাক গাঁথিছে.............

জীৱন-তৃষ্ণা - An Assamese Poem

ূপমৰি


বাৰিষা...........
সপোনবোৰ সিঁচি দিছে সি
মাছবোৰৰ দুচকুত
পালতৰা নাওখন
বতাহজাকৰ সতে খেলিছে
বুকুত হাঁহিৰ অলেখ ঢৌ
পাৰাপাৰ নেদেখা নদীৰ পানী

গুৰ্-ৰুম, গুৰ্-ৰুম..........
এজাক বৰষুণ আহিল নামি
আৰু এজাক........
আৰু এজাক...........

তাৰপাছত...........
নীৰৱতাই নীৰ্জনতাৰ সতে কথা পাতিলে

ভৰ-দূপৰীয়া................
এটি মৰা-সুঁতিত লাগিছে
তপ্ত বলুকাৰ হাহাকাৰ
বুকুত এসাগৰ তৃষ্ণা
আকাশতো যে নাই ডাৱৰ.........!!!

পগলা প্ৰেমিকৰ কবিতা(?) !! - An Assamese Poem

ূপমৰি


সকলোৱে কয়
মই সুধিব নাজানো
তথাপি সুধিছোঁ
ঐ, তই ক'ৰ ছোৱালী ?
শদিয়া____ ?
মাজুলী______ ?
নে সোৱনশিৰি ঘাটৰ জীয়াৰী ?

তোৰ আজলী সাদৰী মুখখনি

কেঁচা ক'লা দীঘল চুলিতাৰি
আহঃ...........
আজি প্ৰেম-ৰাগীত দুৰ্দান্ত মই
তোৰ অঁকৰা-পগলা প্ৰেমিক !!

কি আছে তোৰ,  লুকাই বুকুত_____

সেউজীয়া সুৰভি ?
কি নাই তোৰ, ভৰা দুচকুত______
প্ৰতিশ্ৰুতিৰ সঁচা কৰৱী ?
মোৰ যদি কিবা আছে_____
..........অ' আছে বুকুতে
এডৰা পলসুৱা মাটি
ফুলনি পাতিবিহি
আমি আশাৰ ফুল ৰুম.......