Drop Down MenusCSS Drop Down MenuPure CSS Dropdown Menu

Tuesday 2 December 2014

কবিতা: মৌনতাৰ হাহাকাৰ - সন্ত্ৰাসবাদীৰ আত্মকথা



কবি: চন্দ্ৰামিতা পৰাশৰ






মোৰ প্ৰসৱ যন্ত্ৰণা সহ্য কৰি
যিদিনা ৰাঙলী হৈছিল অসম মাতৃ !!
ত্ৰাসিত হৈছিল, এখন
নিৰপৰাধী সমাজ .....
অথচ
সামাজিকতাৰ আঁৰত
বা ব্যক্তিগত স্বার্থত:
লালিত হৈছিল মোৰ অবোধ
শৈশৱ...কৈশোৰ......
গুলী-বাৰুদৰ পঢ়াশালিত
বিভীষিকা সৃষ্টিৰ পাঠ দি
সাজি তোলা হৈছিল

মোক
ৰাজনীতিবেপাৰৰ ব্ৰহ্মাস্ত্ৰ ; মানুহৰ শত্ৰু
মৃত্যুদুতৰ প্ৰধান সম্পাদক !
ৰণনীতি শেষহোৱাৰ পাছত
মোৰ প্ৰথম প্ৰয়োগ
গুপ্তহত্যাৰ ব্লুপ্ৰিণ্টৰ আঁচনিত!
চমকপ্ৰদ সফলতাই মোৰ
বঢ়াইছিল বিদেশী চাহিদা
ক্ৰমশ:.........
ৰক্তবীজৰ গতিৰে আগবাঢ়ি মই
দখল কৰিছো বসুমতীৰ প্ৰাচীন গর্ভ ;
লগতে ভূগোল, বুৰঞ্জীৰ পৰিসীমা ;
বর্তমানৰ বিশ্বজনপ্ৰিয়তাৰ শীর্ষত বহি.....
আঙুলিত নচুৱাইছোঁ পুঁজিবাদৰ 
ফোঁপোলা নীতি ;
আৰু.....
মোৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে বন্ধকত
থৈছো মানৱতাৰ মেৰুদণ্ড !
মোৰ পৰিচয়.......
কোনো এন্ধাৰ গলিৰ অবৈধ
জাৰজ অ'লাড...
মই এজন সন্ত্ৰাসবাদী!!

No comments:

Post a Comment