Drop Down MenusCSS Drop Down MenuPure CSS Dropdown Menu

Monday 8 December 2014

শাৰদীয় প্ৰেম - অসমীয়া কবিতা


কবি - ৰূপম হাজৰিকা









ৰাতিপুৱালৈ
এতিয়া মাথোঁ
এটা প্ৰহৰ


কালিলৈ তুমি
নিয়ৰৰ ফুল বিচাৰি
মোৰ পদূলিত
ভৰি দিবাহি


বেলিটো দুগালত লৈ
খিল্‌খিলাই উঠিব
মোৰ কবিতাবোৰ


তোমাৰ মিঠা হাঁহিত
বাগৰি বাগৰি


কুঁৱলীয়ে ঢাকিব নোৱৰা
নিৰাভৰণ
আমাৰ শাৰদীয় প্ৰেম
পূৰ্ণতা আনে জীৱনলৈ


প্ৰতিটো পুৱা তুমি
এটি অনুৰাগ হৈ আহা
হৃদয়-কুঠৰীত
ঝংকাৰ তোলা


এতিয়া
মোৰ ফুলনিত
হেজাৰ হেজাৰ
শেৱালি, খৰিকা-জাঁই
আৰু
অগণন বকুলৰ শাৰী

5 comments:

  1. এইটো ব্লগ একটিভ হয় নে?

    ReplyDelete
  2. Guest post দিব বিচাৰো
    www.assamesets.com

    ReplyDelete
  3. TIME8 is first-of-its-kind fully dedicated digital news media from Northeast India, ushering a revolution in terms of news collection, unbiased storytelling and fearless journalism powered by raw energy of youth with the tenacity of seasoned journalists.

    ReplyDelete