Drop Down MenusCSS Drop Down MenuPure CSS Dropdown Menu

Thursday 4 December 2014

কবিতা: শাওণৰ পথাৰখনি


কবি: ৰূপম হাজৰিকা






নিসংগতাৰ সতে
কথা হৈ নোপোৱা,
আকালৰ ছবি
কাহানিও নেদেখা,
মোৰ চিনাকি পথাৰখনি
আজি অচিনাকি!!
য'ত এৰি আহিছিলো
মোৰ ল'ৰালি,
শাওণৰ বোকাত

কুসুমিত
নিমাখিত হাঁহি।

শুনা পালো___
তাই আজি সেউজীয়া হৈ থকা নাই!
আহ্‌.......কিযে দু:খবৰ!!
দূৰৈত.......বহু দূৰৈত........
আজি মই !

পূৰ্ণিমাৰ নিশা
নষ্টাল্‌জিয়াবোৰ বুকুত বান্ধি
এটি অশৰীৰি আত্মাই
ধূসৰিত মাটিত
স্মৃতিৰ কবৰ খান্দিছে.....

ভগ্নস্তূপৰ পৰা ভাঁহি আহিছে
নাঙল-যুঁৱলিৰ
হিয়া ভঙা ক্ৰন্দন,
এটি কৰুণ মালিতা হৈ
মিলি যায়
সেমেকা বতাহজাকত

এতিয়া মোৰ চৌপাশে
ইয়াৰে প্ৰতিধ্বনি........

4 comments:

  1. TIME8 is first-of-its-kind fully dedicated digital news media from Northeast India, ushering a revolution in terms of news collection, unbiased storytelling and fearless journalism powered by raw energy of youth with the tenacity of seasoned journalists.

    ReplyDelete
  2. We Appreciate your Work
    WikiCSC

    Thanks for sharing your thoughts!

    DigiPay Lite Link 1

    DigiPay Lite Link 1

    ReplyDelete