Drop Down MenusCSS Drop Down MenuPure CSS Dropdown Menu

Monday 1 December 2014

প্ৰেমৰ চাৰিটা স্তৱক - Assamese Love Poem

কবি - অন্বেষা চেতিয়া





১)
তুমি মোক সুধিছিলা
কিয় মই তোমাক ইমান ভাল পাওঁ;
নৈক সুধি চাবা
সাগৰলৈ কিয় বয়.......

২)
সঁচা কথা কওঁ?
মোৰ তোমালৈ কেতিয়াও
মনত নপৰে;
মাথোঁ উশাহ লোৱা সময়কণৰ বাহিৰে......

৩)
অভিমানী মই
তোমাৰ মৰমবোৰেই বাধ্য কৰে;
পুৱাক গধুলি কৰিলোঁ
তুমি নাহিলা.........

৪)
প্ৰেম কি জানা?
যেতিয়া বিষাদে আনে হাঁহি
যেতিয়া সুখত নিগৰে চকুপানী
যেতিয়া শূণ্যতা হয় পূৰ্ণতা
যেতিয়া মৌনতা হয় কবিতা
তেতিয়াই জন্ম হয় এই আপদীয়া প্ৰেমৰ........!!

2 comments:

  1. apunar kobita pohi hosai apluto holu.. bohut hundor.....

    ReplyDelete
  2. apunar kobita pohi hosai apluto holu.. bohut hundor.....

    ReplyDelete