Drop Down MenusCSS Drop Down MenuPure CSS Dropdown Menu
Showing posts with label Assamese in Bollywood. Show all posts
Showing posts with label Assamese in Bollywood. Show all posts

Monday, 24 November 2014

অমৃত প্ৰীতম: বলিউড জগতত এটা অসমীয়া ভোটা-তৰা

অসমীয়াৰ গৌৰৱ !!








   
           চলচিত্ৰ অথবা চিনেমা ভাল নোপোৱা মানুহ ছাগৈ গোটেই পৃথিৱীতেই নোলাব। অসমীয়া চলচিত্ৰৰ অৱস্থা যদিও আজি সন্তোষজনক নহয় কিন্তু  তাৰে মাজতে এজন প্ৰতিভাশালী অসমীয়াই ভাৰতীয় চলচিত্ৰৰ প্ৰাণকেন্দ্ৰ বলিউডত নিজকে সু-প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। হয়, আজি আমি অমৃত প্ৰীতমৰ কথাই পাতিব খুজিছোঁ।
         অমৃত প্ৰীতম, যোৰহাতৰ যুৱক। এতিয়া বলিউ
ৰ এক অভিন্ন অংগ। যোৰহাটৰ জে বি কলেজত পদাৰ্থ বিজ্ঞানত মেজৰ লৈ পঢ়িছিল অমৃত। যৌৱনৰ সেইদিনবোৰত অমৃতৰ প্ৰাণত আছিল সংগীতৰ এক লহৰ। এসময়ত তাকে প্ৰতিপন্ন কৰি তেওঁ গুৱাহাতীত অৱস্থিত জ্যোতি চিত্ৰবনত চাউণ্ড ইঞ্জিনীয়াৰিঙৰ তিনি বছৰীয়া পাঠ্যক্ৰম গ্ৰহণ কৰিলে।
        অমৃত প্ৰীতমে চাউণ্ড ইঞ্জিনীয়াৰিং সম্পৰ্কত কাম কৰা কেইখনমান জনপ্ৰিয় চলচিত্ৰৰ নাম হৈছে -  'প্ৰিন্স', 'ওমকাৰা', 'ব্লেক', 'সাৱাৰিয়া', 'দ্য ৰাইজিং', 'গান্ধী মাই ফাদাৰ', 'পাজাচি ৰাজা', 'চিটাগঞ্জ', 'প্ৰেছিডেণ্ট ইজ কামিং', 'শুদ্ধ', 'গজিনী', 'ৰা-ৱান', 'ব্লু', 'কাল হোনা হো', 'ইংলিছ ভিংলিছ', 'মংগল পাণ্ডে', 'ৰবট', 'শ্বুট-আউট এট ৱাডালা', 'এ ৰেইনী ডে', 'হাইৱে', 'শ্লামডগ মিলিয়নাৰ' আদি।
      তেওঁ ইতিমধ্যে 'নেশ্যনেল এৱাৰ্ড'কে ধৰি কেইবাটাও সন্মানীয় বটা লাভ কৰিছে। সেয়া হৈছে-
১/ নেশ্যনেল এৱাৰ্ড (প্ৰেছিডেণ্ট এৱাৰ্ড): 'পাজাচি ৰাজা' (মালায়ালম) - ২০১০
২/ আইফা বঁটা: 'ৰা-ৱান' - ২০১২
৩/ অপ্‌সৰা বঁটা: 'ৰা-ৱান' - ২০১২
৪/ জী চিনে এৱাৰ্ড: 'ৰা-ৱান' - ২০১২
৫/ আইফা বঁটা: 'গজিনী' - ২০০৯
৬/ অপ্‌সৰা বঁটা: 'ব্লু' - ২০০৯
৭/ আম্মা বঁটা: 'পাজাচি ৰাজা' (মালায়ালম) - ২০১০
     


ৰেছুল পুকুট্টিৰ সৈতে অমৃত


      উল্লেখনীয় যে অস্কাৰ বঁটা বিজয়ী ৰেছুল পুকুট্টিৰ সহযোগী চাউণ্ড মিক্সাৰ হিচাপে 'শ্লামডগ মিলিয়নাৰ'ত অমৃত প্ৰীতমে কাম কৰিছিল। বৰ্তমান বলিউডৰ এই ক্ষেত্ৰখনত তেওঁ ৰেছুল পুকুট্টিৰ এজন অন্যতম সহযোগী।