Drop Down MenusCSS Drop Down MenuPure CSS Dropdown Menu

Monday 8 December 2014

শাৰদীয় প্ৰেম - অসমীয়া কবিতা


কবি - ৰূপম হাজৰিকা









ৰাতিপুৱালৈ
এতিয়া মাথোঁ
এটা প্ৰহৰ


কালিলৈ তুমি
নিয়ৰৰ ফুল বিচাৰি
মোৰ পদূলিত
ভৰি দিবাহি


বেলিটো দুগালত লৈ
খিল্‌খিলাই উঠিব
মোৰ কবিতাবোৰ

Thursday 4 December 2014

কবিতা: শাওণৰ পথাৰখনি


কবি: ৰূপম হাজৰিকা






নিসংগতাৰ সতে
কথা হৈ নোপোৱা,
আকালৰ ছবি
কাহানিও নেদেখা,
মোৰ চিনাকি পথাৰখনি
আজি অচিনাকি!!
য'ত এৰি আহিছিলো
মোৰ ল'ৰালি,
শাওণৰ বোকাত

Tuesday 2 December 2014

তুমি তুমি লগা এটি কবিতা - Assamese Poem


কবি: জিতু গগৈ











ফেচবুকত Like মৰা ঐ ছোৱালীজনী
তুমি মোৰ কবিতা ভাল পোৱানে?
নে এনেই মন গ'ল বুলিয়ে মাৰি দিয়া...!!

এবাৰ পঢ়ি চাবা মোৰ কবিতা
একেবাৰে জলন্ত কলিজাৰ পৰা
সৃষ্টি হোৱা সেই শব্দবোৰ......

বুজি পাবলৈ বেছি সময় নালাগে যে
সেই শব্দ এখন ভগা কলিজাৰ পৰা ওলোৱা...
হয়, উমি উমি জলি থকা

কবিতা: মৌনতাৰ হাহাকাৰ - সন্ত্ৰাসবাদীৰ আত্মকথা



কবি: চন্দ্ৰামিতা পৰাশৰ






মোৰ প্ৰসৱ যন্ত্ৰণা সহ্য কৰি
যিদিনা ৰাঙলী হৈছিল অসম মাতৃ !!
ত্ৰাসিত হৈছিল, এখন
নিৰপৰাধী সমাজ .....
অথচ
সামাজিকতাৰ আঁৰত
বা ব্যক্তিগত স্বার্থত:
লালিত হৈছিল মোৰ অবোধ
শৈশৱ...কৈশোৰ......
গুলী-বাৰুদৰ পঢ়াশালিত
বিভীষিকা সৃষ্টিৰ পাঠ দি
সাজি তোলা হৈছিল

Photography: জীৱন-ডিঙা - Assam River Boat

Photographic Works by Nilotpal Goswami 



  
  The Journey






The End

নতুন অসমীয়া কাব্য-সংকলন: কুঁৱলীৰ আখৰ এথুপি

শীঘ্ৰে মুক্তি পাব লগীয়া নিবিড় অনুৰাগ মানসৰ নতুন অসমীয়া কাব্য-সংকলন




" এবুকু সপোন , এজাক নষ্টালজীয়াৰ বৰষুণ আৰু এমুঠি সময়ৰ অনুৰাগক শব্দৰ মাজেৰে সজাই তোলা মোৰ প্রথম কাব্য-সংকলন 'কুঁৱলীৰ আখৰ এথুপি' । "
                  ____   নিবিড় অনুৰাগ মানস, কবি

Photography: Seize the Natural Beauty of Assam

Photographer: Vikramjit Kakati, Guwahati






Fishing Culture in Assam






The River Sunset in Assam






 
Assamese Youths are on the way to participate in a Bihu Dance Competition

Monday 1 December 2014

প্ৰেমৰ চাৰিটা স্তৱক - Assamese Love Poem

কবি - অন্বেষা চেতিয়া





১)
তুমি মোক সুধিছিলা
কিয় মই তোমাক ইমান ভাল পাওঁ;
নৈক সুধি চাবা
সাগৰলৈ কিয় বয়.......

২)
সঁচা কথা কওঁ?
মোৰ তোমালৈ কেতিয়াও
মনত নপৰে;
মাথোঁ উশাহ লোৱা সময়কণৰ বাহিৰে......

৩)
অভিমানী মই
তোমাৰ মৰমবোৰেই বাধ্য কৰে;
পুৱাক গধুলি কৰিলোঁ
তুমি নাহিলা.........

৪)
প্ৰেম কি জানা?
যেতিয়া বিষাদে আনে হাঁহি
যেতিয়া সুখত নিগৰে চকুপানী
যেতিয়া শূণ্যতা হয় পূৰ্ণতা
যেতিয়া মৌনতা হয় কবিতা
তেতিয়াই জন্ম হয় এই আপদীয়া প্ৰেমৰ........!!

গাঁৱলীয়া - An Assamese Poem

কবি - চনম চাংকি দাস
ফোন - ৯৬১৩০৩০৮০৩






ক'ত গৈছিলা
শংখৰ এন্ধাৰতো তোমাক বিচাৰি
বিচাৰি নাপালো

বতাহজাক আহোঁতে
তিতিম বুলি ভাবিছিলোঁ বৰষুণত
মোৰ আঁচল খহি থাকিল
গোটেই দিনটো..............

নষ্ট ল'ৰাৰ পদ্য - An Assamese Poem



 



                              ফুলবোৰ
                              ভুল হ'বলৈ
                              নিদিবা

                                                 সপোনবোৰ
                              নিচা

                                               তোমাৰ ভৱিষ্য সত্বাত
                              মই
                             নষ্ট ল'ৰা

Monday 24 November 2014

অমৃত প্ৰীতম: বলিউড জগতত এটা অসমীয়া ভোটা-তৰা

অসমীয়াৰ গৌৰৱ !!








   
           চলচিত্ৰ অথবা চিনেমা ভাল নোপোৱা মানুহ ছাগৈ গোটেই পৃথিৱীতেই নোলাব। অসমীয়া চলচিত্ৰৰ অৱস্থা যদিও আজি সন্তোষজনক নহয় কিন্তু  তাৰে মাজতে এজন প্ৰতিভাশালী অসমীয়াই ভাৰতীয় চলচিত্ৰৰ প্ৰাণকেন্দ্ৰ বলিউডত নিজকে সু-প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। হয়, আজি আমি অমৃত প্ৰীতমৰ কথাই পাতিব খুজিছোঁ।
         অমৃত প্ৰীতম, যোৰহাতৰ যুৱক। এতিয়া বলিউ
ৰ এক অভিন্ন অংগ। যোৰহাটৰ জে বি কলেজত পদাৰ্থ বিজ্ঞানত মেজৰ লৈ পঢ়িছিল অমৃত। যৌৱনৰ সেইদিনবোৰত অমৃতৰ প্ৰাণত আছিল সংগীতৰ এক লহৰ। এসময়ত তাকে প্ৰতিপন্ন কৰি তেওঁ গুৱাহাতীত অৱস্থিত জ্যোতি চিত্ৰবনত চাউণ্ড ইঞ্জিনীয়াৰিঙৰ তিনি বছৰীয়া পাঠ্যক্ৰম গ্ৰহণ কৰিলে।
        অমৃত প্ৰীতমে চাউণ্ড ইঞ্জিনীয়াৰিং সম্পৰ্কত কাম কৰা কেইখনমান জনপ্ৰিয় চলচিত্ৰৰ নাম হৈছে -  'প্ৰিন্স', 'ওমকাৰা', 'ব্লেক', 'সাৱাৰিয়া', 'দ্য ৰাইজিং', 'গান্ধী মাই ফাদাৰ', 'পাজাচি ৰাজা', 'চিটাগঞ্জ', 'প্ৰেছিডেণ্ট ইজ কামিং', 'শুদ্ধ', 'গজিনী', 'ৰা-ৱান', 'ব্লু', 'কাল হোনা হো', 'ইংলিছ ভিংলিছ', 'মংগল পাণ্ডে', 'ৰবট', 'শ্বুট-আউট এট ৱাডালা', 'এ ৰেইনী ডে', 'হাইৱে', 'শ্লামডগ মিলিয়নাৰ' আদি।
      তেওঁ ইতিমধ্যে 'নেশ্যনেল এৱাৰ্ড'কে ধৰি কেইবাটাও সন্মানীয় বটা লাভ কৰিছে। সেয়া হৈছে-
১/ নেশ্যনেল এৱাৰ্ড (প্ৰেছিডেণ্ট এৱাৰ্ড): 'পাজাচি ৰাজা' (মালায়ালম) - ২০১০
২/ আইফা বঁটা: 'ৰা-ৱান' - ২০১২
৩/ অপ্‌সৰা বঁটা: 'ৰা-ৱান' - ২০১২
৪/ জী চিনে এৱাৰ্ড: 'ৰা-ৱান' - ২০১২
৫/ আইফা বঁটা: 'গজিনী' - ২০০৯
৬/ অপ্‌সৰা বঁটা: 'ব্লু' - ২০০৯
৭/ আম্মা বঁটা: 'পাজাচি ৰাজা' (মালায়ালম) - ২০১০
     


ৰেছুল পুকুট্টিৰ সৈতে অমৃত


      উল্লেখনীয় যে অস্কাৰ বঁটা বিজয়ী ৰেছুল পুকুট্টিৰ সহযোগী চাউণ্ড মিক্সাৰ হিচাপে 'শ্লামডগ মিলিয়নাৰ'ত অমৃত প্ৰীতমে কাম কৰিছিল। বৰ্তমান বলিউডৰ এই ক্ষেত্ৰখনত তেওঁ ৰেছুল পুকুট্টিৰ এজন অন্যতম সহযোগী।

Sunday 23 November 2014

আজিৰ চিন্তা !!





শুপ্ৰভাত অসম !!
আহক আজি দিনটো আৰম্ভ কৰোঁ এই শুভ-চিন্তাৰে ______
" কাৰোবাৰ মাজত যদি সৌন্দৰ্য দেখা
  তাক গ্ৰহণ কৰা,
   যদি নেদেখা
 তেন্তে সৃষ্টি কৰি লোৱা  ।"

অসমীয়া ইউনিক'ড - Download Assamese Unicode Typing Software






           বৰ্তমানৰ এই বিশ্বায়নৰ যুগত পৃথিৱীৰ প্ৰতিটো জাতিয়ে নিজ নিজ ভাষা-সংস্কৃতিক বিস্ব-দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লাগিছে । কিন্ত্তু অপ্ৰিয় হ'লেও সত্য যে এই ক্ষেত্ৰত আমি অসমীয়া জাতিয়ে এতিয়াও বহুখিনি পিছ পৰি আছো । তথাপি কেইজনমান অনুভৱী অভিজ্ঞ অসমীয়াৰ প্ৰচেষ্টাত শেহতীয়াকৈ হ'লেও অসমীয়া ভাষাই ইন্টাৰ্‌নেটৰ পৃথিৱীত ইতিমধ্যে ভুমুকি মাৰিবলৈ সক্ষম হৈছে । ইয়াৰ ভিতৰত অন্যতম এক প্ৰশংসনীয় প্ৰচেষ্টা হৈছে - ' অসমীয়া ইউনিক'ড ' । এই পদ্ধতিক ব্যৱহাৰ কৰি ইন্টাৰ্‌নেটত অসমীয়া ভাষা প্ৰচাৰৰ বাবে অনেক ছফ্‌টৱেৰ বিকশিত কৰি তোলা হৈছে । তাৰে ভিতৰত কেইটামান জনপ্ৰিয় ছফ্‌টৱেৰ তলত উল্লেখ কৰি দিয়া হৈছে আৰু লগত এটি 'ডাউনলোড লিংক' সংলগ্ন কৰা আছে  _______

১/ ৰ'দালি
২/ Xobdo-KB Assamese Phonetic Keyboard 
৩/ Assamese Input Method Editor 2 (Microsoft's BhashaIndia)
৪/ Baraha

Friday 14 November 2014

Red Rose - The Soul of Love - Photography


                       © Photographer : Rupom Hazarika

     Love that Never Dies amidst the Hardest of Life !!

কহুঁৱা বন ( Kohua Bon ) - Photography






               © Photographer : Rupom Hazarika

The Sunset at Jorhat,Assam - Photography



                            © Photographer : Rupom Hazarika

Dibrugarh University : BA English Previous Year Question Papers

সোণালী সূতাৰ বান্ধোন - An Assamese Poem

ৰূপম হৰি

 
হয়তো.............
আমাৰ মাজত আজি
নাই সাত সাগৰ, তেৰ নদী
আছে যদি সুবিশাল এখন মৰুভূমি
তথাপি নিসংগ নহয়,
একেখন আমাৰ সূৰ্যোদয়ৰ খিৰিকি.............

শব্দবোৰ তোমাৰ বুকুত,
সুৰবোৰ মোৰ হাতত
এজাক বৰষুণত শুনা পাওঁ
গুণগুণ, আমাৰ গান..............

ফাগুনৰ শেষত
সিঁচি থৈ যোৱা
এজোলা শিমলু তুলা,
এডাল সোণালী সূতা হৈ বাঢ়িছে
বুকুৰ দ-লৈকে শিপাই
দুটি আত্মাক গাঁথিছে.............

জীৱন-তৃষ্ণা - An Assamese Poem

ূপমৰি


বাৰিষা...........
সপোনবোৰ সিঁচি দিছে সি
মাছবোৰৰ দুচকুত
পালতৰা নাওখন
বতাহজাকৰ সতে খেলিছে
বুকুত হাঁহিৰ অলেখ ঢৌ
পাৰাপাৰ নেদেখা নদীৰ পানী

গুৰ্-ৰুম, গুৰ্-ৰুম..........
এজাক বৰষুণ আহিল নামি
আৰু এজাক........
আৰু এজাক...........

তাৰপাছত...........
নীৰৱতাই নীৰ্জনতাৰ সতে কথা পাতিলে

ভৰ-দূপৰীয়া................
এটি মৰা-সুঁতিত লাগিছে
তপ্ত বলুকাৰ হাহাকাৰ
বুকুত এসাগৰ তৃষ্ণা
আকাশতো যে নাই ডাৱৰ.........!!!

পগলা প্ৰেমিকৰ কবিতা(?) !! - An Assamese Poem

ূপমৰি


সকলোৱে কয়
মই সুধিব নাজানো
তথাপি সুধিছোঁ
ঐ, তই ক'ৰ ছোৱালী ?
শদিয়া____ ?
মাজুলী______ ?
নে সোৱনশিৰি ঘাটৰ জীয়াৰী ?

তোৰ আজলী সাদৰী মুখখনি

কেঁচা ক'লা দীঘল চুলিতাৰি
আহঃ...........
আজি প্ৰেম-ৰাগীত দুৰ্দান্ত মই
তোৰ অঁকৰা-পগলা প্ৰেমিক !!

কি আছে তোৰ,  লুকাই বুকুত_____

সেউজীয়া সুৰভি ?
কি নাই তোৰ, ভৰা দুচকুত______
প্ৰতিশ্ৰুতিৰ সঁচা কৰৱী ?
মোৰ যদি কিবা আছে_____
..........অ' আছে বুকুতে
এডৰা পলসুৱা মাটি
ফুলনি পাতিবিহি
আমি আশাৰ ফুল ৰুম.......

Saturday 1 November 2014

Websites: Assamese Songs and Videos

 

 

 1. wapmux.com
 2. masticyber.com
 3. songscyber.org
 4. wapduniya.wen9.com
 5. asomwap.in
 6. downloadassamesevideos.blogspot.com
 7. onlinesivasagar.com/music/assamese-songs.htm
 8. freeassam.wapka.me 
 9. asomia-gaan.wen9.net 
                                      

Websites: Online Newspapers of Assam

 

 

 

1. The Assam Tribune: www.assamtribune.com

2. Asomiya Pratidin: www.asomiyapratidin.in

3. The Dainik Janambhumi: www.dainikjanambhumi.co.in

4. Amar Asom: www.amarasom.glpublications.in

5. Assamiya Khabor: www.assamiyakhabor.com

6. Dainik Batori: www.ajirdainikbatori.com

7. Sadin: www.sadin.co.in

8. Gana Adhikar: www.ganaadhikar.com

Websites: Universities in Assam

 

 

 

1. Gauhati University: www.gauhati.ac.in

2. Dibrugarh University: www.dibru.ac.in

3. Assam University: www.aus.ac.in

4. Tezpur University: www.tezu.ernet.in

5. Assam Agricultural University: www.aau.ac.in

6. Kaziranga University: www.kazirangauniversity.in  

7. Assam Down Town University: www.adtu.in

8. Assam Don Bosco University: www.dbuniversity.ac.in

9. Krishna Kanta Handiqui State Open University: www.kkhsou.in