Drop Down MenusCSS Drop Down MenuPure CSS Dropdown Menu

Friday 14 November 2014

সোণালী সূতাৰ বান্ধোন - An Assamese Poem

ৰূপম হৰি

 
হয়তো.............
আমাৰ মাজত আজি
নাই সাত সাগৰ, তেৰ নদী
আছে যদি সুবিশাল এখন মৰুভূমি
তথাপি নিসংগ নহয়,
একেখন আমাৰ সূৰ্যোদয়ৰ খিৰিকি.............

শব্দবোৰ তোমাৰ বুকুত,
সুৰবোৰ মোৰ হাতত
এজাক বৰষুণত শুনা পাওঁ
গুণগুণ, আমাৰ গান..............

ফাগুনৰ শেষত
সিঁচি থৈ যোৱা
এজোলা শিমলু তুলা,
এডাল সোণালী সূতা হৈ বাঢ়িছে
বুকুৰ দ-লৈকে শিপাই
দুটি আত্মাক গাঁথিছে.............

No comments:

Post a Comment