Drop Down MenusCSS Drop Down MenuPure CSS Dropdown Menu

Friday 14 November 2014

জীৱন-তৃষ্ণা - An Assamese Poem

ূপমৰি


বাৰিষা...........
সপোনবোৰ সিঁচি দিছে সি
মাছবোৰৰ দুচকুত
পালতৰা নাওখন
বতাহজাকৰ সতে খেলিছে
বুকুত হাঁহিৰ অলেখ ঢৌ
পাৰাপাৰ নেদেখা নদীৰ পানী

গুৰ্-ৰুম, গুৰ্-ৰুম..........
এজাক বৰষুণ আহিল নামি
আৰু এজাক........
আৰু এজাক...........

তাৰপাছত...........
নীৰৱতাই নীৰ্জনতাৰ সতে কথা পাতিলে

ভৰ-দূপৰীয়া................
এটি মৰা-সুঁতিত লাগিছে
তপ্ত বলুকাৰ হাহাকাৰ
বুকুত এসাগৰ তৃষ্ণা
আকাশতো যে নাই ডাৱৰ.........!!!

No comments:

Post a Comment